পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


নানা ৰূপে বাধিলেক তাৰা পটেশ্বৰী। বাধাক নগণি বালী ৰাজা গৈল মৰি॥ নিৰ্দ্দোষী সীতাক দেৱসবে জানে ভালে। দুৰ্জ্জনৰ বোলত তেজিলা ততকালে॥ ১৭ আমাসাৰ বাক্য নুশুনিলা কিছুমান। আবে খেদ কৰা তুমি কিসাৰ নিদান॥ জানকীক দিলা তুমি যত অপমান তাক সাহাকে পাবে কাহাৰ পৰাণ॥ ১৮ লোকতো দেখিছে কতো কতো নাৰীচয়। স্বামীতেসে অপমানে প্ৰাণকো তেজয়॥ যিতো নাৰী সদা অপমান পায় ছয়। সিসে জানা অপমান সহিবে পাৰয়। ১৯ মানিনী নাৰীএ অপমান নসহয়। প্ৰতিকাৰ নাহি যেবে প্ৰণকে তেজয়॥ মানিনীতো মানিনী জানকী শাস্তীসতী। সপনে সচিতে তোমাতেসে মাত্ৰ ৰতি॥ ২০ তেনয় সীতাক চাইলা তেজিতে লঙ্কাত। উত্তৰিল অগনিত জগতে প্ৰখ্যাত॥ ব্ৰহ্মাদি দেৱৰ বাক্যে প্ৰত্যয় নগৈলা। দুষ্টৰ বাক্যক মাত্ৰ সাৰ কৰি লৈলা॥ ২১