সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
অদ্ভুত ৰামায়ণ ৷

শুনা সভা সদ ৰামায়ণ পদ সাৰ।
ইহাৰ শ্ৰবণে কৰে পাপত উদ্ধাৰ॥৩১৮
যোৰ কলি পাইল সৰ্ব্ব ধৰ্ম্মক নাশিল।
দুষ্ট কালসৰ্প আসি সমীপ চাপিল॥
নিশ্চিন্তে আছাহা কেনে উন্মতৰ নয়।
যমৰ যাতনা কি ভুঞ্জিতে নলাগয়॥৩১৯
কাত গহ কৰি আছা নুগুণা মনত।
হৰি বিনে তাৰন্তা নাহিক সংসাৰত॥
সমস্ত শাস্ত্ৰৰ ইসে পৰমাৰ্থ সাৰ।
হৰিনাম বিনে নাহি পাপত নিস্তাৰ॥৩২০
নাহিকে প্ৰয়াস একো নাম কীৰ্ত্তনত।
উচ্চাৰন্তে নিঃশেষ পাপক কৰে হত॥
হেনজানি তেজা সবে ভাষভুব কাম।
কহে ৰঘুনাথে ডাকি বোলা ৰাম ৰাম॥৩২১

দুলড়ি ৷

পাছে যেন কাষ, শুনিয়ো সমাজ,
 নাৰী বেশী হনুমন্ত।
অঙ্গিনাত যাই, আছন্ত দেখিয়া,
 গৃহস্থিনী পুছিলন্ত॥