সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
অদ্ভুত ৰামায়ণ ৷

একো সিদ্ধি দিবে নপাৰয় জানা সাৰ।
পূজা খাই থাকে কৰি লোকত প্ৰচাৰ॥৩১৩
হংস ছাগ মহিষৰ তেজ যত পাই।
খাহান্তে খাহান্তে তাৰো তৃষ্ণা বাঢ়ি যাই॥
পূজা খাইবে নপাইলে তাহাতো ৰোষ চড়ে।
নানা ব্যাধি বিপদ সিন্ধুত সিতো পড়ে॥৩১৪
এতেকেসে তোক মই বোলে দয়া তৰে।
যদি বাঞ্ছা আছে চল অতল নগৰে॥
যদি বহু দূৰ পথ যাইবাক লাগয়।
প্ৰয়াস বাহুল্যে ফল বাহুল্য হোৱয়॥৩১৫
তথাতে পুছিলে পাইবি যথা আছে দেবী।
পাইবি মনোৰথ তাঙ্ক শুদ্ধ ভাৱে সেবি॥
ৰহস্য কৰিয়া ইথানৰ প্ৰজাচয়।
আয়াবাত কৰি আছে নজানস তয়॥৩১৬
শুনি মাৰুতিৰ হৈল হৰিষ মনত।
অতল নগৰে যাই ভৈল উপগত॥
পৰম মোহিনী কন্যা ৰূপে বিতোপন।
ভৈলন্ত মাৰুতি বেশ্যা নাৰী ৰঙ্গ মন॥৩১৭
হাস লাসে মোহি ফুৰে পুৰুষৰ মন।
এক গৃহস্থৰ ঘৰে ভৈলা উপসন॥