সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
অদ্ভুত ৰামায়ণ ৷

সিসবৰ পিতৃ মাতৃ বন্ধু গণ যত।
কিবা ভৈল বুলি কৰে বিকল মনত॥২৯৩
অন্যো অন্যে সোধে কেহোঁ উদ্দেশ নপাই।
শোকত মজিল কৰো গাৱে শ্ৰুতি নাই॥
পাছে হনুমন্ত অস্তাচল গিৰি পাই৷
সেহি পথে পাতালত পশিলন্ত যাই॥২৯৪
যমৰ নগৰ পাই যমত জনাইল।
পাত পাত কৰি ভালে বিচাৰিয়া চাইল॥
অনন্তৰো স্থানত চাহিলা ভাল কৰি।
কিছুমান উদ্দেশ নপইলা তাত হৰি॥২৯৫
সৰ্প বেশ ধৰি পাতালত চাহিলন্ত।
অনুমাত্ৰো জানকীৰ বাৰ্ত্তা নপাইলন্ত॥
জলে স্থলে ভালমতে বিচাৰিয়া চাইলা।
অণ্ড কটাহক পাই নিবৰ্ত্তিয়া আইলা॥ ২৯৬
ৰসাতল নগৰত পাশলন্ত যাই।
কাশ্যপৰ পুত্ৰগণ আছে সিটো ঠাই॥
পৰম প্ৰচণ্ড সিটো দৈত্যৰ আচাৰ।
সংসাৰত বলে বীৰ্য্যে সবে অনিৰ্ব্বাৰ॥২৯৭
বিধি কহি আছে তাৰ মনুষ্যত ভয়।
এতেকেসে মনুষ্যৰ লোকক নাসয়।