সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
অদ্ভুত ৰামায়ণ ৷

মাৰুতিৰ কথা আবে এহিমানে থওঁ।
সীতাদেবী যি কৰিল তাৰ কথা কওঁ॥২৭৮
বাসুকীক চাই দেবী বুলীলা বচন।
চল নাগ ৰাজ পথ অযোধ্যা ভূষণ॥
পুত্ৰক নপাই প্ৰভু সুখে কি আছন্ত।
কিবা খেদ কৰে কিনা বিচাৰ কৰন্ত॥২৭৯
তৈসানি মোহোৰ দুঃখ প্ৰভু আছে পাই।
আবে জসো পুত্ৰ শোকে প্ৰাণ ছাড়ি যাই॥
আপোনাৰ দুঃখক সহিবে পাৰো মই।
স্বামীৰ দুঃখক মোৰ নসহে হৃদয়॥২৮০
পুত্ৰৰ নিমিত্তে কিবা মন্ত্ৰণা কৰয়।
ভাল মতে জিজ্ঞাসা কৰিয়া আস তয়॥
সীতাক প্ৰণতি নাগৰাজ চলিলন্ত।
ছদ্মবেশে অযোধ্য পুৰত পশিলন্ত॥২৮১
বিচাৰ কৰিয়া সবে কাৰ্য্য ভাল মত৷
সীতাৰ আগত যাই ভৈল উপগত॥
প্ৰণামিয়া গোসানীক বুলিলা বচন।
ৰামৰ মন্ত্ৰণ মাতৃ শুনা এক মন॥২৮২
ৰামৰ আদেশে সুগ্ৰীৱাদি কপি বৰ্গ৷
বিচাৰিলা লোকালোক মধ্যে সাত স্বৰ্গ॥