পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
অদ্ভুত ৰামায়ণ৷

বাণৰ নহয় ইতো ঈশ্বৰ পুৰুষ।
শ্ৰীৰামক সেবিয়া আছয়ে নিৰঙ্কুণ॥২৭৩
কতো জ্ঞানি গণে বোলে কিসৰ বিস্ময়।
প্ৰভু ৰাম চন্দ্ৰে যাক দাস বুলিচয়।
কিঞ্চিৎ আশ্চৰ্য্য কৰ্ম্ম তাসম্বাৰ নাই।
সিসবক দেখিলেও মোক্ষ পদ পাই॥২৭৪
পাছে মাৰুতিও শ্ৰীৰামৰ পাসে যায়।
প্ৰদক্ষিণে নমিলা ৰামৰ দুই পাই॥
মাৰুতি বোলন্ত প্ৰভু আদেশক চাওঁ।
এহি-ক্ষণে কুমাৰক বিচাৰিতে যাঁও॥২৭৫
হুয়া আছে অভিজিত মুহুৰ্ত এখন।
চক্ৰধাৰে সৰ্ব্ব দোষ কৰিবে বাৰণ॥
শ্ৰীৰামে বোলন্ত নুহি বিলম্বে উচিত।
এহি শুভক্ষণ বাপ চলিয়ো ত্বৰিত॥২৭৬
হেন অনুমতি পায় পাছে মহাবীৰ।
শ্ৰীৰামক নমিলন্ত পদে দিয়া শিৰ॥
ভৰতক নমি নমিলন্ত লক্ষ্মণক।
শত্ৰুঘন কুমৰক আৰু সুগ্ৰীবক॥২৭৭
কেশৰীক নমি নমিলন্ত জাম্বৱন্ত।
অস্তাচল পৰ্ব্বতক ডেৱ কৰিলন্ত॥