সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
অদ্ভুত ৰামায়ণ ৷

পুনৰ্ব্বাৰ মাৰুতি ৰামক নমিলন্ত।
দ্ৰবহুয়া সলিলৰ স্বৰূপ ভৈলন্ত॥২৬৮
বাঢ়ি গৈল জলমানে সভাক বুড়াই।
কতো উটে কতো বুড়ে নানা দুঃখ পাইল॥
সিতো ৰূপ এড়ি হনুমন্ত দেখা দিল।
পৃথিবী স্বৰূপ হুয়া বাঢ়িবে লাগিল॥২৬৯
নানা বিধ তৰু তৃণ লতা গুল্ম চয়।
প্ৰকাশন্তে আছে চতুৰ্ব্বিধ প্ৰাণী চয়॥
নদী নদ সৰোবৰ সাগৰ ভূধৰ।
প্ৰকাশন্ত তাত নানা ৰত্ন মনোহৰ॥২৭০
পুনু পৃথিবীৰ ৰূপ এড়িয়া মাৰুতি।
জ্যোতি ৰূপ ধৰিলন্ত আশ্চৰ্য্য মুৰতি।
সহস্ৰ সূৰ্য্যৰ যেন প্ৰকাশ প্ৰচণ্ড।
জ্যেতিৰ প্ৰতপে প্ৰতাপিত সভা খণ্ড॥২৭১
চাহিবে নপাৰি যত সভাসদ চয়।
চক্ষু মুদি ৰহিলন্ত পৰম বিস্ময়॥
সিতো ৰূপ এড়ি কপি-বেশ ধৰিলন্ত।
চক্ষু মেলি ৰাজা প্ৰজা সবে দেখিলন্ত॥২৭২
গুছিল সবাৰো ভয় প্ৰসন্ন হৃদয়।
পৰম বিস্ময় হুয়া অন্যো অন্যে কয়॥