সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
অদ্ভুত ৰামায়ণ৷

মাৰুতি বোলয় শুনা কৃপাৰ নিধান ।
এত বোলা পোপী মাক কিসৰ নিদান॥২৬৩
মইতো একান্ত দাস থাকন্তে তোমাৰ ।
ইমত দুঃখক দেখো জীবাক ধিক্কাৰ॥
ভৃত্য থাকন্তেও স্বামী পাই মন কট ।
ইহ পৰ লোকৰ সুখত হয় ভ্ৰষ্ট॥২৬৪
তোমাৰ প্ৰসাদে মোৰ ব্ৰহ্মাণ্ড মধ্যত ।
অসাধ্য নেদেখেঁ কিছু বোলো স্বৰূপত॥
কৰিলেো বিদাই প্ৰভু বুলিয়ো সত্বৰ৷
শ্ৰীৰামে বোলন্ত শুনা বায়ুৰ কুমাৰ॥২৬৫
কেন মত যোগসাধ্য আমাক দেখায়ো।
পাছে কুমাৰক বিচাৰিবে প্ৰতি যায়ো॥
শুনিয়া মাৰুতি শ্ৰীৰামক নমিলন্ত।
আকাশ স্বৰূপ হুয়া অদৃশ্য ভৈলন্ত॥২৬৬
পাছে বীৰে পৱন স্বৰূপ ধৰিলন্ত৷
প্রচণ্ড পবন সভা চানি বহিলন্ত॥
যত ৰাজ প্রজা মানে সবে আছে চাই।
নিমিষেকে সবাহাকে নিলা উড়ুয়াই॥২৬৭
ভৈলেক বিহ্বল সবে শ্রুতি বুদ্ধি নাই ।
নপুৰপি আানিয়া থৈলন্ত ঠাই ঠাই॥