সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
অদ্ভুত ৰামায়ণ৷

বিদ্যাবিলাসিনী পুৰে জানকী আচয়।
তাৰ সঙ্গে দুই ভাই মাছে নিৰাময়॥২৫৮
কিন্তু আন জন তথা যাইবে নপাৰয়।
যোগ সাধ্য বিনে আক জানিবা নিশ্চয়॥
বৰাহ বিষ্ণুৰ সিতো ক্ৰীড়াৰ ভবন৷
যাইবাক পাৰিবে মাত্ৰ পবন নন্দন॥২৫৯
এহি বাৰ্ত্তা পাই আমি নিবৰ্ত্তি আহিলো।
তোমাৰ আগত প্ৰভু নিশ্চয় কহিলো॥
শ্ৰীৰামে বোলন্ত বাপ শুনিয়ো মাৰুতি।
সীতাৰ বিয়োগে হুয়া আছোহো বিশ্ৰুতি॥২৬০
পুত্ৰৰ বিয়োগে প্ৰাণ ধৰিতে নপাৰি৷
ৰক্ষা কৰা পুত্ৰ শোক অনলে উদ্ধাৰি॥
তোৰ উপকাৰ গুণ সুজন নযায়।
তোৰ সম উপকাৰী মোৰ আন নাই॥২৬১
তোত সাধ কৰিয়া ভুঞ্জোহোঁ ৰাজ্য সুখ।
তোৰ নাম শুনিতে কালৰো মিলে দুঃখ॥
যাক দেখি দিগজেন্দ্ৰ সবো ভয় পাই।
লৱড়ি পলাই মহী মণ্ডল কম্পাই॥২৬২
ত্ৰিভুবন কম্পন আশ্চৰ্য্য বল যাৰ।
শোক সাগৰত মোক কৰহ উদ্ধাৰ॥