পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
অদ্ভুত ৰামায়ণ ৷

বাঘৰ হাতৰ কি এড়াইতে পাৰে ছাগ।
জ্বৰে এড়িলেও কপৰ্টীয়ে নেড়ে লাগ॥
তোমাক চাড়ি কি আমি অযোধ্যাক যাইবো।
গঙ্গাজল এড়ি কি কুপৰ পানী খাইবোঁ॥২১৭
সৰ্ব্ব তিৰ্থেশ্বৰী তুমি আমাৰ সম্বন্ধি।
মহানন্দে সেৱা কৰি থাকিবোঁ প্ৰবন্ধি॥
যৈসানি তেজিয়া আইলা সিকালৰে পৰা।
ছেবণ্ডিয়া হুয়া আমি ভৈলো যেন মৰা॥২১১॥
বুলিবাৰ বাক্যকো নোবোলো কিছু ত্ৰাসে।
একো নজানয় বুলি শিশুগণে হাসে॥
ক্ষুধাত নপাও অন্ন পিপাসাত পাণী।
কোনে দয়া কৰি যদি দেই অল্প আনি॥২১২॥
পেট পূৰি তথাপি খাইবাক নাহি সাস৷
এত খাই বুলি জানো কৰে উপহাস॥
ভণ্ডাৰে ভণ্ডাৰে আছে বস্ত্ৰ আভৰণ।
পৰক শঙ্কায়ে তাক নকৰো ভূষণ॥২১৩
আনৰ চৱালে বিভূষিত হুয়া যাই।
নিশ্ৰীক বদনে আমি তাক থাকো চাই॥
লোকৰ চৱালে যদি কৰে অপকাৰ।
তাৰ জননীৰ ভয়ে নেদোঁ প্ৰতীকাৰ॥২১৪