সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
অদ্ভুত ৰামায়ণ ৷

আমাৰেসে মন্দ বিধি দূৰ্গতি লিখিল।
এতেকেসে হেন মত ললাট মিলিল॥
স্বামীৰ কুশল তুমি সোধা কি কাৰণ।
বিচাৰিয়া নুবুঝলোঁ আমি দুই জন॥২০৫
মৰ্ম্মছেদ কৰি ৰাঘৱক এড়িলাহা।
লোকে ভাল বুলিবাক কুশল পুছাহা॥
শুনি লৱকুশ দুইৰো কাৰুণ্য বচন।
কান্দে অধোমুখে সবে সভাসদ গণ॥২০৬॥
সীতাৰ গাৱত যেন অগনি লাগিলা।
গদ গদ স্বৰে দুই পুত্ৰক বুলিলা॥
শুন শুন বাপু লৱ কুশ শুভনয়।
যতেক বুলিলা ধৰ্ম্ম যুগুত হোৱয়।২০৭॥
কিন্তু দুই মোত মাত্ৰ দোষক দেখিল৷
ৰামৰ কুনয় কিছু মনে নগণিলা॥
সেহিতে ৰামৰ পুত্ৰ দুয়ো তেন ঠান।
যেন গাছ তেন ফল সিকি হয় আন॥২০৮
ৰামকেসে মাত্ৰ দেখিবাক লাগে ভাল৷
ৰামৰ সঙ্গত বঞ্চিবাক লাগে কাল॥
লৱ কুশে বোলে মাতা হেন কি বোলাহা।
আৰবাৰ আমা দুইক এড়িবাক চাহা॥২০৯॥