পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫২
অদ্ভুত ৰামায়ণ ৷

স্বামী তপ স্বামী জপ স্বামী ইষ্টদেব।
স্বামী বিনে সংসাৰত বন্ধু'নাহি কেৱ॥
স্বামী বিনে আন পুৰুষক নবাঞ্ছিব।
কামবুদ্ধি কৰিয়া চক্ষুবে নচাহিব॥২০০
স্বামীয়ে বোলয় যদি মন্দ চন্দ বাক।
প্ৰত্যুত্তৰ নিদি সহি থাকিবেক তাক॥
আপোনাৰ দুঃখচয় নকৰি বিচাৰ।
স্বামীৰ সেবাক মাত্ৰ কৰিবেক সাৰ॥২০১
কায় বাক্য মন শুদ্ধ কৰি মহাসতী।
মধুৰ ভাষিণী হুয়া কৰিব ভকতি॥
স্বামীৰ পিতৃৰ দুই কুলক উদ্ধাৰি।
স্বামীৰ মৰণ ভৈলে যাইবে সয়ন্তৰী॥২০২
যদি পুত্ৰৱতী সতী স্বামীক ধিয়াই।
নমৰিয়া পুত্ৰ পালি থাকিব সদাই॥
তোমাৰ সমান শান্তী কোন স্থানে নাই।
মহা শান্তী সবেও তোমাৰ যশ গাই॥২০৩
তভো পতি পুত্ৰক ছাড়িলা কোন ধৰ্ম্ম।
ইহাকেসে সুমৰি সুমৰি মিলে মৰ্ম্ম॥
আমাকে সে দুষ্টমতি বোলে সৰ্ব্বজনে।
ভাল ভৈলে জানকী এড়িব কি কাৰণে॥২০৪