পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অভুত ৰসায়ন। ৫ হেনয় নির্দয়া মাতৃ যাৰ হাৰ হয়। উপজি মৰোক তাৰ জীবে নলাগয় । আন বন্ধু বান্ধৱক নিদাৰুণ পাই । পিতৃ মাতৃ নিদাৰুণ দেখা শুনা নাই ।১৯৫ সপ ব্যান্ত্ৰ আদি যত ফুৰ জাতিচয়। কৈত দেখি শুনি আছা পুত্ৰক এড়য়া । প্রাণাভিক সময়তো নেড়য় সৰ্ব্বথা । অপমানে এড়িবেক ইতো কোন কথা ॥১৯৬ মনু মুখে শুনি আছো শান্তী ধৰ্ম্ম মত । হয় বা নহয় তাক শুনিয়ো সাম্প্ৰত । স্বামীৰ দোষক সতী নলৈব মনত। মহা গুৰু মানি সেবা কৰিব সতত। ১৯৭ স্বামীৰ সাধিয়াপ্রীতি থাকিবা সদাই । স্বামীৰ সেবাতে সৰ্ব্ব পুৰুষাৰ্থ পাই । স্বামীৰ সুখত সুখ মনত মানিব । স্বামীৰ দুঃখতে দুঃখ কৰিয়া জানিব ॥১৯৮ স্বামীৰ প্রবাসে হৈব চিত্তাকুল মতি। স্বামীৰ কুশল চিন্তি থাকিবেক সতী । স্বামীৰ সহিত নকৰিধ দন্দাবাদ। স্বামীৰ কষ্টত মনে লভিব বিষাদ ।১৯৯