পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
অদ্ভুত ৰামায়ণ ৷

কোন মন্দ আচৰিলো বিধাতা কুবৃত।
প্ৰিয়ৰে অপ্ৰিয় হেন কৰাইলিহি চিত্ত॥
যতেক দুৰ্ণয় তোৰ কত কৈবো আৰ।
ইদোষত নৰকে পচিবি দুৰাচাৰ॥১৯০
ৰাম হেন স্বামীক বঞ্চিলো হাতে পাই।
এহিবুলি মূৰ্চ্চা গৈলা জগতৰ আই।
লৱকুশে আশ্বাসিয়া তুলি ধৰিলন্ত।
মাতৃক সাদৰি ধীৰে ধীৰে বুলিলন্ত॥১৯১
স্থিৰ হোৱা মাতা মিছা বিষাদক ছাড়া।
বিধিক গৰিহা কৰি আমাকেসে তাড়া।
যেনে কোনো জনে আঁড় কৰি গোধা ভৰি
গোধা বুলি পৰক হাসয় উচ্ছ কৰি॥১৯২
তুমিও তেনয় মাতা স্বামীক ছাড়িলা।
কৈসানি বিধিয়ে পাতালত বাসা দিলা॥
পাতালে পশিলা তুমি কাহাৰ তৰাসে।
তোমাকেসে বৎস এড়ী বুলি লোকে হাসে॥১৯৩
ৰামৰ দূৰ্ণয় যদি তবো বোলে ভাল।
তোমাক বুলিবে ভাল নাহি একোকাল॥
স্বামীৰ কুনয়ে যদি তেজিবাক পাইলা।
আমাক অনাথ কৰি কেনে তুমি আইলা॥১৯৪