পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


নানা বলি বিধানে পূজয় ভক্তিভাৱে। অপসন নাচয় গন্ধৰ্ব্বে গীত গাৱে॥ যদ্যপি উপাসে নানা ভাৱে নাগগণে। তথাপি সন্তোষ কিছু নাহি তান মনে॥ ৭ ৰামৰ সৌহৃদ ভাব সুমৰি সুমৰি। দুই নয়নৰ জল পড়ে সৰসৰি। তেজে দীৰ্ঘ নিশ্বাস নোলাই মুখে বাণী। প্ৰবোধন্ত ঘনে ঘনে পৃথিবী গোসাঁনী॥ ৮ সুমৰিয়া সিতো লব কুশ সুত দুই। হুম হুমি কান্দে কতো অধোমুখী হুই॥ নাহি সুখ শান্তি চিত্ত কৰে উতপাত। ঘনে উঠে বৈসে কতো পৰে ঢাত ঢাত॥ ৯ ধৈৰ্য্য ধৰি থাকা কতো চিত্তক স্তম্ভাই। স্বামী পুত্ৰ সুমৰিয়া কতো মুৰ্চ্চা যাই॥ ধ্যান কৰি থাকে কতো ৰামৰ আকাৰ। আলিঙ্গিয়া থাকা কতো কৰি তদাকাৰ॥ ১• হেন মতে ৰামৰ চৰণ যুগ চিন্তি। মহাশান্তি সুচৰিতা আছন্ত তহিতি॥ সীতা বিনে ৰামৰে নুগুছে হৃদি খেদ। নাহি অন্নপানী লোতকৰ নাই ছেদ॥ ১১