এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
অনস্তে সহস্ৰ মুখে ঘাৰ গুণ গায়৷
স্বয়ম্ভ প্ৰধান যোগী যাহাৰ কৃপায়॥
যাৰ আদি অন্ত নাহি গুণ মহিমাৰ৷
হেন ৰামপদে কৰোঁ কোটি নমস্কাৰ॥ ২ ॥
তাহান চবিত্ৰ কিছু বৰ্ণাইবাক চাওঁ৷
যদি তান চৰণৰ অনুগ্ৰহ পাওঁ॥
সৰস্বতী মাতা মোৰ হুয়ো কণ্ঠে চৰি৷
বিশেষ ৰচনা কৰাযোক কৃপা কৰি॥ ৩
শুনা সভাসদ ৰাম চৰিত্ৰে বিচিত্ৰ৷
আপোনাক তাৰি কৰা কুলকো পবিত্ৰ॥
নাগপুৰে যাইয়া হনুমন্ত মহা বীৰে৷
সীতাক দেখিলা যেন ৰত্নৰ মন্দিৰে॥ ৪
নাগগণ সমে কৰি বিষম সমৰ
সীতাক ভেটাইলা আনি চৰণে ৰামৰ॥
ইসব কাহি যত অদ্ভুত কাণ্ডৰ৷
শুনা ............................ নিৰন্তৰ॥ ৫
পতিপুত্ৰ ছাড়ি সীতা পাতলে পশিলা৷
নাগকন্যা গুণে নানা মঙ্গল কৰিলা॥
..........................................চানি৷
ভৈল পুজ্যোত্তমা তথা জানকী গোঁসানী॥ ৬