সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
অদ্ভুত ৰামায়ণ

লব-কুশ দুই ভাইক দুৱাৰত থৈলা।
জানকীত জান দিতে নাগৰাজ গৈলা।
লব-কুশ আসিল জানিয়া বসুমতী।
আগবাঢ়ি আথে বেথে গৈলা মহাসতী॥১৭৫
দেখিলন্ত দুই ভাইক দুৱাৰত যাই।
ঝুমাঝুমি প্ৰজাগণে বেঢ়ি বেঢ়ি চাই॥
দেখন্তা সবৰ দেখি নখন্দে তৃপিতি।
সাবতি ধৰিতে চাহে আকুলিত মতি॥১৭৬
সেহিবেলা বসুমতী আগত মিলিলা।
মহা স্নেহে শিশু দুইক সাবতি ধৰিলা॥
লব-কুশো পৃথিবীক দেখিয়া চিনিলা।
মাতৃৰ জননী জানি পড়ি প্ৰণামিলা॥১৭৭
পাছে বসুমতী নাতি দুইক কোলে লৈলা।
পৰম আনন্দে জানকীৰ পাশে গৈলা॥
পৰম বিস্ময় দেখি সবাৰো মনত।
আনন্দে বেঢ়িয়া সবে চলিলা লগত॥১৭৮
সেহি সময়ত নাগৰাজা নিগদতি।
জয় জয় জনক নন্দিনী ভগৱতী॥
তোমাৰ প্ৰসাদে দেবী সৰ্ব্ব সুমঙ্গল।
আনিলো কুমৰ হৰি সবাৰো কুশল॥১৭৯