সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
অদ্ভুত ৰামায়ণ

প্ৰচণ্ড উদণ্ড যত নাগিণী সুন্দৰী।
দশোপাঞ্চে সাজ হুয়া মহা সাস কৰি॥
বলে হৰিবাক লাগি সমীপক যাই।
মোহ হুয়া ৰহে কুমৰৰ পাশ পাই॥১৭০
দুই কুমৰৰ মুখ পদ্ম মধু পীয়া।
শৰীৰক পাসৰিয়া থাকে থিয় দিয়া॥
কতো নাগকন্যা মনোময় বেগ ধৰি।
গোঁসানীৰ আগে বোলে দণ্ডবত কৰি॥১৭১
প্ৰণামো গোঁসানী তযু চৰণত ধৰি।
সেবিআছো বহুকাল তোমাক সাদৰি॥
যিমত স্বামীক সাধি আছোঁহোঁ তোমাত।
তাতো লক্ষ গুণাধিক মিলিছে সাক্ষাত॥১৭২
কৈৰ বা পুৰুষ দুই নবীন তৰুণ।
কন্দৰ্পৰো দৰ্প হৰে যাৰ ৰূপ গুণ॥
কিবা দেৱ মনুষ্য গন্ধৰ্ব্ব বিদ্যাধৰ।
অপূৰ্ব্ব পুৰুষ পশি আসে অভ্যন্তৰ॥১৭৩
সমান বয়স গতি আকৃতি সুন্দৰ।
গোটেকক স্বামী কৰি দিয়া মাগো বৰ॥
হেনমতে অন্যো অন্যে সীতাত সাধয়।
মনত বিস্ময়ে দেবী পৰামৰিশয়॥১৭৪