পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অভূত ৰামায়ণ । হেন থেলা গোসানীয়ে দেখিলন্ত চাই । পুত্ৰ দুইক লৈয়া আসে বসুমতী আই । হৰিষে উজ্জ্বল মুখ উল্লসিত গাৱ। আসনৰ পৰা উঠিলন্ত জগত মাৱ ।১৮০ আঙ্কোৱালি ধৰিলন্ত পুত্ৰ দুইৰ গলে । কান্দিলন্ত হুমহুমি পৰম বিকলে । নয়নৰ জলে ভিঙ্গাইলন্ত দুইৰো গাৱ । লব-কুশো নমিলা মাতৃৰ দুই পাৱ ।১৮১ চৰণত ধৰি দুয়ো ফোকাৰি ফোকৰি । ৰহিলন্ত দুয়ো কিছু বুলিতে নপাৰি । আনন্দ সিন্ধুৰ জলে কর্মক ব্যাপিল । চক্ষু নাক-মুখ ঢাকি বহিবে লাগিল,১৮২ গোসানীৰ দুই পদ দুবাল্লা ৰহিল । দুয়ো পুত্ৰ ধৰি তুলিবাক নপাৰিল । গোসানী বোলয় উঠা উঠাদুই বাপ । তোমা৷ দুইক দেখিলে। খণ্ডিল হৃদি তাপ। কুশলে আছিল| পিতৃ সবক সাদন্ধি৷ কিবা দয়া কৰে গৗণ্ড সবে মোক স্মৰি । স্বামীৰ কুশল বাপ কহিয়ো সত্বৰ । সুখে কি আচন্তু মোৰ লঙ্কাণ দেৱৰ ।১৮৪