সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
অদ্ভুত ৰামায়ণ

কতো জনী বোলে যাইবো গোসানীৰ ঠাই।
সাধিবোঁহোঁ বৰ যেন আঙ্ক স্বামী পাই।
নিদিলেও নেড়িবোঁহোঁ চৰণত ধৰি।
নাপাইবোঁ যাবৎ সাধিবোহো মৰি মৰি॥১৬৫
কেহোঁজনী বোলে হেন নুবুলিবি তয়।
আঙ্ক সেৱা কৰিবাক যোগ্য হওঁ মই।
মোহোৰেসে উচিত হৈবাক এহোঁকান্ত।
নুহি এক চৱড়ে সৰাইবোঁ তোৰ দন্ত॥১৬৬
আৰ জনী তাইক চাই বচন বোলয়।
ময় সে উচিত হওঁ যোগ্য নোহ তয়।
তোক মোক চায় লোকে বোলোক উচিত।
বিষ্ঠাৰ পলুৱে চাস উঠিতে স্বৰ্গত॥১৬৭
অন্যোঅন্যে হেন কহি ক্ৰোধত জ্বলিল।
হেপোঁছা হেপোঁছি কৰি কন্দল লাগিল॥
আঝোড়া আঝুড়ি মন্দ চন্দ বোলে বাক।
খসিল কটিৰ বস্ত্ৰ নসম্বৰে তাক॥১৬৮
ক্ৰোধৰ বেগত ভৈল আউল জাউল কেশ।
বাউল হেন ফুৰে কতো দিগম্বৰী বেশ॥
লাজ কাৰ্য্য মৰ্য্যদা এড়িল সবে বালা।
দহয় হৃদয় অতি মদনৰ জ্বালা॥১৬৯