পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


88 অদ্ভূত ৰামায়ণ । উপমাৰ নাহি স্থান ইতিনি ভুৱন। সাক্ষাতে দেখিয়া যেন কৌশল্যা ননন। নাগিনী সর্দিনী দানবিনী বালা চয় । ৰাপে গুণে বিদ্যাধৰী সবো সম নয় । ১৬০ স্বামী সাধিবাক ঘাই জানকীৰ ঠাই । উভতি ৰহিল লব কুশ দুইক চাই । অন্যে অন্যে বেলে ইতো কৈৰ শিশু দুই । ইতিনি ভুবনে জানো হেন ৰূপনাই। ১৬১ হেন ৰূপ কৰি কোন বিধাতা শ্ৰজিল । কোননো স্বর্ণকুক্ষী গৰ্ভত ধৰিল । ম্রটাতে চতুৰ যিটো বিধাতাৰ মাঝে। তেহেঁ নিশ্লিআছে যাক দেখি স্মৰ লাজে ১৬: কৈৰ পৰা ইথানত হৈ আাছে প্ৰবেশ । নাদেখি নাশুনি হেন মূৰুতি বিশেষ । কোন নো বিধাত। দিব আৰু স্বামী কৰি । কোন সুলক্ষণী পাইব তপস্যা আচৰি । ১৬ কি কৰি থাকিবে পাইবেঁ। চাহি আন মুখ । আান্ত বিনে কিলাগি লাগয় স্বৰ্গ স্থখ । যাইবো গৃহক আৰু বন্ধু বান্ধৱৰ। এহে দুইক সেবা কৰি থাকো নিৰন্তৰ ॥ ১৬