পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
অদ্ভুত ৰামায়ণ।

ৰত্নময় উঝণ্টি চৰণ অঙ্গুলিত।
সুঠান জঙ্ঘাক দেখি হোড়ৰে ৰঞ্জিত॥
মনক হৰয় কৰিকৰ সমউৰু।
কটি দেশে নিন্দি আছে হৰৰ ডম্বৰু॥ ১৫৫
বহল হৃদয়ে জ্বলে মুকুতাৰ মালা।
ঝিলিমিলি পেচন্দাৰ ৰত্ন ময় জ্বালা॥
বলিত বৰ্ত্তুল ভুজ ভূজঙ্গম নয়।
কেয়ূৰ কঙ্কণ চাৰু শোভা কৰে তয়॥ ১৫৬
বিচিত্ৰ অঙ্গুলি যেন কুন্দত গঢ়িছে।
ৰত্নৰ অঙ্গুৰী তাক অধিকে ৰঞ্জিছে॥
কম্বু কণ্ঠে ৰতন ভুষণে উজ্জ্বলিত।
মুখ চন্দ্ৰে কন্দৰ্পৰো হৰি আছে চিত্ত॥ ১৫৭
চাৰু কৰ্ণ যুগলে কুণ্ডলে কৰে কান্তি।
কপোলে অলকা নীল ভ্ৰমৰাৰ পান্তি॥
বন্ধুলী অধৰ দন্ত মুকুতাৰ নয়।
কাম চাপ সম ভ্ৰুব যুগ বিৰাজয়॥ ১৫৮
চত্ৰাকৃত শিৰ নীল আকুঞ্চিত কেশ।
মাৰ্ত্তণ্ড সদৃশ তাতে কিৰীটি বিশেষ॥
তাতে চুড়ামণি ৰত্নে কৰয় দীপিতি।
দেখন্তা জনৰ দেখি নখণ্ডে তৃপিতি॥ ১৫৯