পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
8১
অদ্ভুত ৰামায়ণ।

হেন শুনি লব-কুশ বিমোহিত মন।
মাতৃক সুমৰি বহু কৰিলা ক্ৰন্দন॥
কতক্ষণে দুয়ো ভাতৃ স্থিৰ কৰি মন।
গদগদ বাক্যে পাছে বুলিলা বচন॥১৪৫
হে গুৰু কেন হেন ভণ্ড বাণী কহা।
একে দগ্ধ আমি পুনু অগনিত দহা॥
মাতৃক দেখাইবে কোন বিধাতা আমাক।
ইতিনি লোকত খুজি নেদেখোঁহো তাক॥১৪৬
ব্ৰাহ্মণে বোলয় কৈলোঁ স্বৰূপ বচন।
দেখাইবো যদ্যপি দেখিবাক আছে মন॥
লব কুশে বোলে যেবে এই সত্যহয়।
নিয়ো এতিক্ষণে তেবে মাতৃৰ নিলয়॥ ১৪৭
তোমাৰ প্ৰসাদে মাতৃ দেখিবাক পাওঁ।
আন কিবা চাওঁ আস এতিক্ষণে যাওঁ॥
চৰণত ধৰোঁ গুৰু চড়িয়ো কন্ধত।
নিয়ো গুৰু মাতা মোৰ আছে যি স্থানত॥১৪৮
ব্ৰাহ্মণে বোলয় শুনিয়োক দুই ভাই।
ব্ৰহ্মাণ্ডৰ মধ্যত অসাধ্য মোৰ নাই॥
মোক স্কন্ধে বহিবে নালাগে তোৰা দুই।
বসি থাকা মহানন্দে কিছু মিছা নুই॥ ১৪৯