সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
অদ্ভুত ৰামায়ণ।

মইবোলোঁঁ অনন্ত প্ৰভুৰ আজ্ঞা পাই।
চলি যাওঁ অযোধ্যাক শ্ৰীৰামৰ ঠাই॥
লব-কুশ দুইক অস্ত্ৰ শিখাইবাক লাই।
পথত আসন্তে আইলোঁঁ তযু বাৰ্ত্তা পাই॥ ১৪০
দেবী বোলে সিতো দুই মোহোৰ তনয়।
ৰাঘবত ৰোষে এড়ি আসিলোঁঁহো মই॥
কুশল কহিবা মোৰপুত্ৰ দুইৰ আগে।
আমাক লাগিয়া চিন্তা কৰিতে নালাগে॥ ১৪১
যদি চিন্তা কৰে দুই তনয় অভাগী।
বিদ্যাবলে আনিবাহা ইঠাৱক লাগি॥
মোক দেখি যাইব পুনু ৰাঘৱৰ ঠাই।
ইকথা আনত তুমি নকৈবা আতাই॥ ১৪২
এতেকে আনত মোৰ কৈতে নুযুয়াই।
গুপ্ত কৰি কহিলোঁহো তুমি দুইৰ-ঠাই॥
হুয়া আছে অধীশ্বৰী পাতাল পুৰত।
ইতো কথা শুনি দুয়ো নকৈবা আনত॥ ১৪৩
তোৰা দুইৰ শোক দেখি মোৰ মনে দুঃখ।
যেবে বাঞ্ছা কৰা দেখাওঁ জননীৰ মুখ॥
পাছে ইচ্ছা ৰূপে শিখিবাহা অস্ত্ৰ যত।
অবিলম্বে সিদ্ধি হৈব মাতৃ প্ৰসাদত॥ ১৪৪