সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
অদ্ভুত ৰামায়ণ।

হাজাৰ যোজন পঞ্চ পৃথিবী ভেদিয়া।
তেবে মৰ্ত্ত্য লোক পাই কহিলো গণিয়া॥
দেখ উৰ্দ্ধ গতি লোক যাই এক লাঞ্জি।
অবকাস নাহিকে আছয় যেন খাঞ্জি॥ ১৩৫
শুনি ৰঙ্গ মনে মই মহাবিদ্যা কৰি।
সিসবে সহিতে পাইলো দেবিৰ নগৰী॥
দেখিলোঁ বিচিত্ৰ নৰনাৰী নিৰন্তৰ।
কতো আসে কতো যায় কৰি খৰতৰ॥ ১৩৬
অনন্তৰে দেবীৰ ভবন পাইলোঁঁ পাছে৷
কোটি শশধৰ সম প্ৰকাশন্তে আছে॥
মহাৰত্ন গণৰ নিৰ্মিত সিতো ঘৰ।
ইতিনি ভুবনে যাৰ নাহি পটন্তৰ॥ ১৩৭
পশিলোঁ ভিতৰে শঙ্কোচিত কৰি কায়।
নটে ভাটে স্তুতি নতি কৰে ঠায়ঠায়॥
দেবীক দেখিলোঁ দিব্য সিংহাসনে স্থিত।
মাধৱৰ লক্ষ্মী যেন হৈয়াছে বিদিত॥ ১৩৮
চমক লাগিল জানু পাতি প্ৰণামিলোঁঁ।
কৃতাঞ্জলি হুয়া মই আগতে ৰহিলোঁ॥
দেবী বোলে কোঠেৰ ব্ৰাহ্মণ বাহা কৈক।
কিবা প্ৰয়োজনে তুমি মাসি আছা ঐক॥ ১৩৯