পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
অদ্ভুত ৰামায়ণ।

নাৰীগণে বোলে কথা শুনিয়ো আতাই।
আমি সবে ৰামৰ চৰিত্ৰ আছোঁ গাই॥
বিদ্য বিলাসিনী নাম নগৰ ভূমিৰ।
বৰাহ বিষ্ণুৰ সিতো ক্ৰীড়াৰ মন্দিৰ॥ ১৩০
অমৰাবতিয়ে ঘাৰ নোহে পটন্তৰ।
বহল বিস্তাৰ হয় দশ যোজনৰ॥
দেৱ দৈত্য যক্ষ ৰক্ষ যতেক আছয়।
তাক দেখি বাক কেহোঁ জনে নপাৰয়॥ ১৩১
অতিশয় গোপ্য পূৰী আছিল পূৰ্ব্বত।
ব্ৰতেশ্বৰী হেতু আবে হৈআছে বেকত॥
সাতো পাতালৰ লোকে বৰ সাধে যাই।
যেহি যিবা বাঞ্ছা কৰে তাকে সিতো পাই॥ ১৩২
সেহি স্থানে যাওঁ আমি বৰ সাধিবাক।
অনেক বিদূৰ পথ লাগয় ঘাইবাক॥
গ্ৰামৰ ভাৰ্য্যা ব্ৰতেশ্বৰী নাম তথা।
আমি সবে উপাসিয়া থাকোঁহোঁ সৰ্ব্বথা॥ ১৩৩
যোগ সাধ্য বিনে যাইতে নপাৰে সিথানে।
আপোন শকতি যাইবে কাহাৰ পৰাণে।
ইথানৰ পৰা সাৰ্দ্ধ অযুত প্ৰহৰ।
উৰ্দ্ধগতি যাইবে লাগে কৰিয়া সত্বৰ॥ ১৩৪