পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৩৬
অদ্ভূত ৰামায়ণ।

তাক চড়াই ৰসাতল নামে স্থান পাই।
বিস্তৰ দানব দৈত্য দেখিলোঁ তথাই।
নিবাত কবচ নাম পৰম প্ৰমত্ত।
তাহান দুহিতা সবো হুয়া মহা যত্ন॥ ১২০
নানা উপায়ণ লৈয়া যত দৈত্য নাৰী।
শুচি হুয়া ব্ৰত ধৰি যাই সাৰি সাৰি॥
তাক চড়াই পাইলোঁ মহাতল নামে পূৰ।
সৰ্প নাগগণ তাত দেখিলোঁ প্ৰচুৰ॥ ১২১
নাগিণী সৰ্পিণী সবো কৰিয়া যতন।
নানা উপায়ণ লৈয়া চলে ৰঙ্গমন॥
তাক চড়াই তলাতল নামে পুৰী গৈলোঁ
উৰ্দ্ধগতি কন্যাগণ যাইতে দেখা ভৈলো॥ ১২২
তাX চৰাই পাইলোঁ আমি সুতল নগৰ।
XXXXXXXহি ঠাই মহা মনোহৰ॥
XXXXX নাৰী সব হুয়া এক মতি।
নানান সম্ভাৰ লৈয়া চলে উৰ্দ্ধগতি॥ ১২৩
তাক চড়াই বিতল পুৰিক পাইলো পাছে।
ভূতগণ সমে হৰ গৌৰী তাত আছে।
অসংখ্য যোগিগণ দেখিলোঁ তথায়।
নানা গান বাদ্য কৰি গগণে উড়াই॥১২৪