পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

ৰামেসে পৰম, দেৱৰো দেৱতা
 *** গুণনাম।
*** *** মুকুতি লভিয়া
 ডাকি বোলা ৰাম ৰাম।। ১১৬

পদ।

ব্ৰাহ্মণ বদতি ধন্য ধন্য দুই ভাই।
মাতৃত ভকত তোমালাত পৰে নাই॥
যি বুলিলা সবে খানি শাস্ত্ৰৰ সন্মত।
মাতৃক লাগিয়া খেদ এৰিয়ো মনত॥ ১১৭
এক কথা কহোঁমই শুনা সাবধানে।
অনন্তৰ বাক্যে মই আসোঁ ইতো স্থানে॥
পাতাল পুৰত দেখো আনন্দ বঢ়াই।
নৰনাৰীগণ যুথে যুখে উৰ্দ্ধেযাই॥ ১১৮
আগবাঢ়ি পছিলোহোঁ তাসম্বাৰ ঠাই।
ইতো প্ৰজাগণ মহানন্দে কৈক যাই॥
সিসবে বোলয় কথা শুনিয়ো আতাই।
বিদ্যাবিলাসিনী পুৰে ইতো সব যাই॥ ১১৯