সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
অদ্ভুত ৰামায়ণ

কিহেতু ৰাবণে,  হৰিবাক পাইলা,
 কহিয়ো স্বৰূপ কথা।
শান্তি সতী তোৰ,  দুঃখ দেখি মোৰ,
 মনত মিলিছে ব্যথা॥ ১০৬
সবিশেষে মই,  সকলে কহিলো,
 যতেক পুছিল মানে।
জগত ঈশ্বৰ,  জানিয়া তোমাৰ,
 গৈল ৰাবণৰ স্থানে॥
দেখাই পুৰ্ব্বাপৰ,  কহিল বিস্তাৰ,
 সুম্পিতে মোক বুলিলা।
শুনি দুষ্ট মতি,  ৰাক্ষসৰ পতি,
 অগনি যেন জ্বলিল॥ ১০৭
ৰাক্ষসীৰ মাৰ্গ-  তলে সৰ কাই
 ঢঙ্কাই বাজ কৰিল।
মহা মনস্তাপ,  কৰিয়া ক্ৰিজটা,
 মনত পাছে চিন্তিল॥
জন্মে জন্মে সতী,  জানকীৰ দ্ৰোহ,
 এহিতো দুষ্টে কৰিব।
সবান্ধবে ইতো,  ৰাবণ নিস্ফল,
 ৰামৰ হাতে মৰিব॥ ১০৮