পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
অদ্ভুত ৰামায়ণ

আৰু এক বোল,  বোলো মই প্ৰভু
 মোক তুমি নতঙ্কিবা।
এহি মম্বন্তৰে,  ত্ৰেতাৰ অন্তত,
 বাৰে বাৰে জনমিবা॥
বাৰে বাৰে মোক,  ভাৰ্য্যা কৰি পাইবা,
 লভিবা বৰই দুঃখ।
তোমাত আমাত,  বিনাই আমাত,
 মিলিবে পৰম সুখ॥ ১০৪
নিৰ্দ্দোষী নাৰীক,  অসতী বুলিয়া,
 নিন্দা কৰে যিতো লোক।
সিতো পুৰুষক,  জানিবাহা প্ৰভু,
 বিৰহ দুঃখে নেড়োক॥
আৰু এক বাক্য,  বুলি আছো প্ৰভু,
 স্বৰূপ হৈবাক লাগে।
সভা বিদ্যমানে,  প্ৰকটিয়া তাক,
 কহিবো তোমাৰ আগে॥ ১০৫
যৈসানি ৰাবণে,  হৰি নিল মোক,
 ত্ৰিজটা মোক পুছিলা।
কাহাৰ নন্দিনী,  কাহাৰ ঘৰিণী,
 কিমতে ৰিহা কৰিলা॥