পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
অদ্ভুত ৰামায়ণ।

পুনু পুনু দেবী  ভূমিক বোলন্ত
 লাগিল মনে বিচাট।
যেযে মহাশান্তী,  ধৰ্ম্মে আছোতেবে,
 মাতা তুমি মেলা ফাট॥ ১০১
শুনি পৃথিবীৰ,  শৰীৰ কম্পিল,
 ফাটিল মেদিনী খণ্ড।
ৰত্ন ময় দিব্য,  বিমান বঝাইল,
 প্ৰকাশে যেন মাৰ্ত্তণ্ড॥
প্ৰদক্ষিণে দেবী,  ৰামক নমিয়া,
 বুলিল স্তুতি ভকতি।
এহি বৰ সাধোঁ,  জনমে জনমে,
 তুমি মোৰ হৈবা পতি॥ ১০২
লববুশ দুই,  হইবেক তনয়,
 কৈশল্যাদি শাশু হৈব।
দশৰথ হৈব,  শশুৰ জনকে,
 মোক জীব কৰি লৈব॥
ভৰতাদি কৰি,  দেবৰ হৈবেক,
 বোলা তুমি কৃপাময়।
সাধোহোঁ বিনয়ে,  ভালুক বানৰ,
 হৈবন্ত পুত্ৰৰ নয়॥ ১০৩