সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
অদ্ভুত ৰামায়ণ

ত্ৰিদশ দেৱতা,  সাক্ষী ভৈল তাত,
 মাৰিতে নপাইলা ছল।
পুনু গৰ্ভ সমে,  মাৰিতে চাহিলা
 দৈব পুনু মহাবল॥
জীবাক শুনিয়া,  আনিয়াছা এবে,
 কিমত বুদ্ধি নাজানি।
মহন্ত যেহেন,  বসিআছা কেনে,
 নাকাটাহা খাণ্ডা হানি॥ ৯৯
দুঃসহ দুখত,  বুলিলেক যত,
 কতেক কহিবো তাক।
শোকত কোপত,  মজি কতক্ষণ,
 ভৈলন্ত দেবী অবাক॥
পাছে সীতা দেবী  ভূমিক বুলিলা
 তুমিতো সবাৰে সাক্ষী।
যেবে ৰাম বিনে  আন নাজানিলো
 আছোঁ শান্তি পুণ্য ৰাখি॥ ১০০
কায় বাক্য মনে  সচেতে সপনে
 ৰামত বিনাই আন।
যেবে নিচিন্তিলো  তেবে মাতৃ মোৰ
 ৰাখিবাক লাগে মান॥