সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
অদ্ভুত ৰামায়ণ।

সিবেলা সীতাক,  চাহিবাক প্ৰতি,
 কাহাৰো শক্তি নভৈল।
ৰাঘৱক চাই,  কোপে অপমানে,
 সীতা বুলিবাক লৈল॥ ৯৬
কিবা দোষ দেখি,  তেজিলা আমাক,
 কৈয়ো সভা বিদ্যমানে।
আনতো পুছাহা,  মোৰ কোন দোষ,
 কোন জনে শুনে জানে॥
কোনবা পুৰুষে,  কোন ৰমণীক,
 হেন উগ্ৰ দণ্ড কৰে।
গৰ্ভে সমন্বিতে,  ঘোৰ অৰণ্যত,
 এডে মৰিবাক তৰে॥ ৯৭
চুমাতে কামোড়,  ওলগতে কীল,
 দুৰ্জ্জনৰ হেন ঠান।
তুমিয়ো তেনয়,  কপট হৃদয়,
 কিন্তু নজানয় আন॥
বজ্ৰতো অধিক-  তোমাৰ হৃদয়,
 হোৱে নহে প্ৰভু চাহা।
লঙ্কা নগৰত,  বহ্নিত পেলাই,
 পুৰিবাক চাহিলাহা॥ ৯৮