সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
অদ্ভুত ৰামায়ণ।

সীতাৰ বিপত্তি,  কি কৈবো সম্প্ৰতি,
 কান্দে মনে পাই ব্যথা।
কৃপাদৃষ্টি চাই,  বাল্মীকিয়ে পাই,
 নিলন্ত আশ্ৰম যথা॥
সিস্থানে যমজ,  দোভায়ো জন্মিলোঁ
 শিখিলো শাস্ত্ৰ নিঃশেষ।
ঋষিৰ কবিতা,  ৰামায়ণ গীতা।
 গাই ফুৰোঁ দেশে দেশ॥ ৯৪
সেহি কালে ৰামে,  যজ্ঞ কৰিলন্ত,
 আমিয়ো পশিলোঁ তথা।
অতি বিতোপন,  গাইলোঁ ৰামায়ণ,
 ৰামে শুনিলন্ত কথা॥
আমি দুই ভাই,  সীতাৰ তনয়,
 গীততে গৈল বিদিত।
আনন্দিত মতি,  সীতাক আনিতে,
 ৰাঘবৰ ভৈল চিত্ত॥ ৯৫
ৰামৰ আদেশে,  বাল্মীকিয়ে আনি,
 সভাত দিলা সীতাক।
জানকীক দেখি,  কান্দে অধোমুখে,
 যত ৰাজা প্ৰজাঝাক॥