পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
অদ্ভুত ৰামায়ণ।

ৰজকে বোলয়,  শুন দুৰাচাৰী,
 মই কি ৰামৰ নয়।
প্ৰবাসী সীতাক,  সম্বৰিল ৰামে,
 কোনে ভাল বুলি কয়॥ ৯১
স্বী জিত ৰাম,  কৈল মন্দ কাম,
 সূৰ্য্যবংশে খিলিঙ্কাৰ।
নসম্বৰো মই,  জানিবি নিশ্চয়,
 কৈলো তোক পৰিহাৰ॥
হেন দন্দবাদ,  কৰিয়া ৰজক,
 কতক্ষণ মানে ৰৈল।
ইন্দ্ৰিয়ৰ বশ,  পশিয়া ৰহস্য,
 পিৰিতি ব্যাকুল কৈল॥ ৯২
প্ৰভাতে মেঘৰ,  গৰ্জ্জন মেষৰ,
 যুদ্ধ মুৰ্খ শ্ৰাদ্ধ চয়।
নাৰী পুৰুষৰ,  কলহ নিষ্ফল,
 জানিবা আক নিশ্চয়॥
দুৰ্ম্মূখ ধোবাৰ,  দুৰ্ব্বাৰ বচন,
 ৰামে চৰমুখে শুনি।
গৰ্ভে সমম্বিত  সীতাক নিৰ্ব্বাস,
 দিলন্ত কিছু নুগুণি॥ ৯৩

(৩)