পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
অদ্ভুত ৰামায়ণ।

সীতায়ে বৰিল,  উৎসব মিলিল,
 হেন দেখি ৰাজাচয়।
পাতিল কন্দল,  ৰাম মহাবল,
 ভৈলন্ত যুদ্ধে বিজয়॥ ৮১
পাছে প্ৰভু ৰাম,  জিনি পৰ্শুৰাম,
 অযোধ্যাত প্ৰবেশিল।
দৈব বিপাকত,  দেবৰ কাৰ্য্যত,
 ৰামৰ ৰাজ্য গুছিল॥
ভ্ৰাতৃ-ভাৰ্য্যা-সমে,  বঞ্চিয় কাননে,
 বধিলা ৰাক্ষসগণ।
দণ্ডকাৰ বনে,  সীতাক ৰাবণে,
 হৰিল ছলে দুৰ্জ্জন॥ ৮২
জানকীক চাই,  ফুৰন্তে দোভাই,
 সুগ্ৰীবক দেখা পাইল।
তাৰে মিত্ৰ কৰি,  বালীক সংকৰি,
 কিস্কিন্ধাত ৰাজ্য কৈলা॥
সীতাক খুজিতে,  পাঞ্চিলা ত্বৰিতে,
 লক্ষ লক্ষ কপিগণ।
মাৰুতিয়ে যাই,  লঙ্কাপুৰ পাই,
 কৈলা সীতা দৰশন॥ ৮৩