পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
অদ্ভুত ৰামায়ণ ৷

জগতে প্ৰখ্যাত সূৰ্য্য বংশে জাত,
 তুমি দুইৰ পিতা ৰাম।
দুইহানো জননী,  কাছাৰ নন্দিনী,
 কহা শুনো অনুপাম॥৭৬
সম্প্ৰতি আছয়,  কিবা নাহি কয়,
 কিবা নাম গোত্ৰ হয়॥
কহিয়ো বিশেষ,  শুনিতে নিঃশেষ,
 মনত বাঞ্ছা আছয়॥
কুশে বুলিলন্ত   শুনিয়ো মহন্ত,
 আমাৰ মাতৃৰ কথা ৷
অমি পুন্য ক্ষীণ,  মাতৃয়ে গহীন,
 জীবনৰ কাৰ্য্য বৃথা॥ ৭৭
যজ্ঞৰ ভুমিত,  ভৈলন্ত বিদিত,
 সীতা নামে কন্যাৰত্ন।
মিথিলাৰ পতি,   জনক নৃপতি,
 তুলিলন্ত কৰি যত্ন॥
দিনে বাঢ়ে বালা   যেন চন্দ্ৰ কলা,
 সাক্ষাতে লক্ষ্মী উপমা
ভুবন ইতিনি,   নাহি কেহোঁ জনী,
 ৰূপে গুণে তান সমা॥৭৮