পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
অদ্ভুত ৰামায়ণ ৷

পাছে ৰঘুপতি, আনন্দিত মতি,
 বুলিলা বিপ্ৰক চাই৷
অনন্ত দেৱৰ, অনুগ্ৰহ বড়
 আছয় আমাক লাই॥
লৱকুশ দুইকো, আদেশ কৰিলা,
 অস্ত্ৰ শিখিবাক প্ৰতি।
ৰহস্য কৰিয়া, শিখিবাহা দুয়ো,
 গুৰুত কৰি ভকতি॥৭৪॥
গোপনীয় স্থানে, দিবে বাসা কৰি,
 নযাইবে কেহো সন্নিত।
নীল মহাবলী, দ্বাৰত ৰহিবে,
 ব্ৰাহ্মণৰ চিন্তি হিত॥
ৰামৰ আদেশে, নীল বীৰবৰ,
 লব কুশ দুইক লৈলা।
নিভৃত স্থানত, বাস দিয়া তথা,
 দ্বাৰ পাল হুয়া ৰৈলা॥৭৫
পাছে দুই ভাই, হুয়া শুদ্ধ কায়,
 বিপ্ৰৰ কাষে বসিলা।
বিপ্ৰেকো আশ্বাসি, দুই ভাইক চাহি,
 সন্তানৰ কথা পুছিলা॥