পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
অদ্ভুত ৰামায়ণ৷

ৰামৰ আদেশে, অঙ্গদে পুচিল,
 কৈব ভূমি দ্বিজবৰ
কিবা প্ৰয়োজন, সাৰিবে লাগয়,
 কহিয়ো তাক সত্বৰ॥৭১॥
ব্ৰাহ্মণে বোলয়, শুনা মহাশয়,
 অবিজ্ঞাত মোৰ নাম।
অনন্ত প্ৰভুৰ, নিকটে প্ৰচুৰ,
 শিথিলোহোঁ অস্ত্ৰগ্ৰাম॥
অনন্তে বোলয়, অবিজ্ঞাত তই,
 অযোধ্যাক লাগি যাও।
লৱ কুশ দুই, ভাইক গোপ্যৰূপে,
 ইসব অস্ত্ৰ শিখাও॥৭২॥
অন্যত প্ৰচাৰ, নকৰিবি আৰ,
 বুলিলো মই নিশ্চয়
ভৈলে প্ৰচাৰিত, তেবেতো নিশ্চিত,
 মিলিবে তোৰ প্ৰলয়॥
এহিসে কাৰণে, আসিছো এখানে,
 নাহি কিছু আন কাজ।
যুৱৰাজে যায়, ৰামত কহিল,
 শুনিল সব সমাজ॥৭৩॥