পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
অদ্ভুত ৰামায়ণ৷

তপ জপ যাগ, যোগ ভাগে ভাগ,
 যিসবে আছে আচৰি।
তাৰ ফলপুনু, ভুঞ্জে ধৰি তনু,
 কহিলোঁ নিশ্চয় কৰি৷
ধনৱন্ত ঠাই স্বৰ্ণ কাৰ যাই,
 যেহি বাঞ্ছা তাকে কৰে।
স্বৰ্ণ বিনে কিছু, কৰিতে নাপাৰে,
 ঈশ্বৰো সে পটন্তৰে॥৬৯॥
পুনু মোৰ বাক্যে, অযোধ্যাক যাহ,
 কৰিয়া মায়া বিস্তাৰ।
কুমৰ হৰন্তে, ৰামসেনা যত,
 থাকিবে মুঢ় আকাৰ॥
শুনি নাগস্বামী সীতাক প্ৰণামি,
 পাইলন্ত অযোধ্যা ৰাজ।
ভয়ে তৰতৰ কাম্পে কলেবৰ,
 পশিল ৰামসমাজ॥৭০॥
শ্ৰীৰামৰ আগে, প্ৰবেশিল নাগে,
 ব্ৰাহ্মণৰ বেশ ধৰি।
ভুলি দুইহাত কৈলা আশীৰ্ব্বাদ,
 মহামন্ত্ৰ ব্যক্ত কৰি॥