পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অদ্ভুত ৰামায়ণ।
১৬৩

যিতো যাক যেনমত কষ্টক দিৱয়।
দিতো সেহি কষ্ট জন্মান্তৰত লভয়॥
যদ্য প ঈশ্বৰ তুমি জগত কাৰণ।
তথাপিতো তুমি হৈবা দুৰ্যশ ভাজন॥৫৮১
পুনুঅংশে জন্মিবোহো ভাষ্মক আগাৰে।
তেবে সুৰসতি হৈব তোমাৰে আমাৰে॥
ৰাঘৱৰ চিত্ত লক্ষি পুনুহোঁ গোসাঁনী।
পতিব্ৰতা ধৰ্ম্মে থাকি বুলিলন্ত বাণী ॥৬৮২
য়াৱে তুমি থাকা দাশৰথী বাদ ধৰি।
দিনে একবাৰে মই যাইবো সেৱা কৰি॥
নিত্যক্রিয়া শেষ তুমি কৰা যেতিক্ষণ।
আমিও আসিয়া সেৱা কৰিবো তেখন॥৬৮৩
তুমি লৱকুশ দুই পবন নন্দন ।
চাৰিত বিনাই নেদেখিব অন্যজন॥
বাস্তৱতে তোমাৰ আমাৰ ভিন্ন নাই।
কেৱল কৰাহা খেদ লোকক দেখাই॥৬৮৪
শুনিয়া সন্তুষ্ট ভৈল ৰাঘৱৰ মন।
জয় জয় ঘুষিলন্ত সভাসদ গণ॥
প্রদক্ষিণে ৰামক কৰিলা নমস্কাৰ।
ৰত্নময় বিমানত ভৈল পয়োসাধৰ॥৬৮৫