পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
অদ্ভুত ৰামায়ণ।


কুৎচিত বিষয় সুখে পশুযেসে ৰতি।
তোমাৰ ভৃত্ত্যৰো তত নাহকয় মতি॥
তুমাক ব্ৰহ্মৰ শিকাত হেৰালত।
মনুষ্যৰ নাট্য মাত্ৰ কৰাই সাক্ষাত॥৬৭৬
আমাৰ তোমাৰ কিঞ্চিতেক নাহি ভেদ।
লোক প্ৰৰ্বত্তায় তথাপিতো কৰা খেদ॥
দ্বাপৰ যুগৰ অন্তে কলৰ আদিত।
হৈবা অৱতাৰ তুমি জগত তাৰিত॥৬৭৭
বাসুদেব নাম হৈব লোকত প্ৰখ্যাত।
ৰাধা নামে ময়ো গোকুলত হৈবেঁ‌ জাত॥
কংসভয় ঢুলে তুমি গোকুলক যাইবা।
তথাতে মোহোক প্ৰভু ভাৰ্য্যা কৰি পাইবা॥
মিছা অপবাদে দুঃখ দিয়া আছা এথা।
পৰপূৰ্ব্বা মোক তেবে ভাৰ্য্য পাইবা তথা॥
দুৰ্জ্জনে তোমাৰ সিতো দুৰ্ঘণ কৰিব।
কিন্তু তাক গাই লোকে সংসাৰ তৰিব॥৬৭৯
তুমি মাত্ৰ অযশ পাইবাহা হেন নয়।
মোহোৰ দুৰ্শশ হৈব জানিবা নিশ্চয়॥
দুইৰো দুইত অতিশয় প্ৰীতিক বঢ়াইবা।
এহি বাসনাতে থাকি পুনু হৰুৱাইবা॥ ৬৮০