সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
অদ্ভুত ৰামায়ণ।

বিদুৎ আকাৰ হুই পাতালক গৈল।
পুনৰপি ভূমিখান পুৰ্ব্বৱত ভৈল॥
স্বপনৰ নিধি যেন জাগিলে নপাই।
সীতাতো দৰ্শন জানা ভৈল সোহ প্ৰাই॥৬৮৬
হাহাকাৰ কৰে সবে অন্যো অন্যে চাই।
সপোন কি সচেত প্ৰজাৰ শ্ৰুত নাই॥
সিদিনাৰ হন্তে পূৰ্ণকাম প্ৰভু ৰাম।
বিৰহ দুঃখৰ কিছু পাইলা উপশাম॥৬৮৭
অলক্ষিত ৰূপে সীতা গোসানী আসয়।
দিনে দিনে শ্ৰীৰামৰ চৰণ সেবয়॥
ইতো কথা এহিমানে সমাপতি ভৈল।
মাৰ্কণ্ডেয় ঋষি যুধিষ্ঠিৰ আগে কৈল॥৬৮৮
শুনা সভাসদ ইতো ৰামৰ চৰিত্ৰ।
এহিসে কৰিবে ঘোৰ পাপত পবিত্ৰ॥
ভাঙ্গিলে ধৰ্ম্মৰ কলি চাৰিও চৰণ।
ৰামৰ নামত ৰৈল পশিয়া শৰণ॥৬৮৯
ৰাম গুণ নাম যিতো জনে ফুৰে গাই।
সমস্তে ধৰ্ম্মৰ ফল সিতো জনে পাই॥
অজ্ঞানীৰ বাক্যত প্ৰমাণ কোন যাই।
লভিবা প্ৰমাণ গীতা ভাগৱত চাই॥৬৯০