সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
অদ্ভুত ৰামায়ণ।

সত্যে বোলো তোৰ যেহি বাঞ্ছা সেহি হোক।
বৰ দিয়া তেতিক্ষণে বাহিৰাইল মোক॥
লৱ কুশ দুই ভাই স্তুতিতে জানিল।
সঙ্কেত কৰিয়া জানো দেবীত কহিল॥৬৫১॥
পাছে গোসানীৰ বাক্যে দ্বাৰ নিৰোধিল।
নাগৰাজাগণ বাহিৰত ৰক্ষা দিল॥
অহঙ্কাৰ কৰি নাগগণে বেলে বাক।
কৈৰ হনুমন্ত কোনে দেখাইবে আমাক॥৬৫২॥
বানৰ সহিতে যুদ্ধ অতি বৰ লাজ।
শুনিয়া হাসিব যত নাগিনী সমাজ॥
হেন শুনি মোৰ যদি উপজিল ক্ৰোধ।
কপি বেশ ধৰি তভো বুলিবো প্ৰবোধ॥৬৫৩॥
ক্ৰুৰ সৰ্প জাতি আৰো বোলয় দুৰ্ব্বাক।
কোটি ব্ৰহ্মাণ্ডৰ পতি নগণে তোমাক॥
হেন দেখি মোৰ বড় উপজিল ৰাগ।
লাঞ্জৰ প্ৰহাৰে ভঙ্গাইলোহো যত নাগ॥৬৫৪॥
নানা বিকৰ্থনা কৰি বলক মৰ্দ্দিলো।
ব্ৰহ্ম সৃষ্টি জানি তাক প্ৰাণে নবধিলো॥
বীৰৰ দ্বাৰৰ সমীপক পাছে যাই।
অনেক গৰ্জিলো বসুমতীক শুনাই॥৬৫৫॥
( ১৪ )