পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
অদ্ভুত ৰামায়ণ।


শুনিয়া অনেক প্ৰজা তেখনে লড়িল।
আগ ভৈলো মই সবে পাছত চলিল॥
মোৰ মায়া ৰূপক দেখিলে সবে যাই।
বসুমতী দেবীও প্ৰত্যয় গৈল চাই॥৬৪৬॥
আনন্দত হুয়া পাছে দ্বাৰক মেলিল।
পূৰ্ব্ববত আয়াযাত সবেও কৰিল॥
মই শীঘ্ৰ গৈয়া পাইলোঁ‌ দ্বাৰৰ ওচৰ।
কন্যাগণ সহিতে পশিলো অভ্যন্তৰ॥৬৪৭॥
বিদ্যাবিলাসিনী পুৰী অতি বিতোপন।
বৰাহ বিষ্ণুৰ সিতেী ক্ৰীড়াৰ ভুবন॥
অধে উৰ্দ্ধে ডাঠ হয় পঞ্চ হাজাৰৰ।
মধ্যত প্ৰকাশে দিব্য পুৰী মনোহৰ॥৬৪৮॥
সবাৰে অগম্য সিতে আছিল পূৰ্ব্বত।
আবে বাক্ত ভৈল গোসাঁ‌নীৰ প্ৰসাদত॥
সাতো পাতালৰ লোকে বৰ সাধে যাই।
দেবীৰ প্ৰসাদে সবে বাঞ্ছা সিদ্ধি পাই॥৬৪৯॥
গোসাঁ‌নীক দেখি ৰোমাঞ্চিত ভৈল গাৱ।
অলক্ষিত বেগে পড়ি প্ৰণামিলো পাৱ॥
কৰিলো বিস্তৰ স্তুতি গুণক বৰ্ণাই।
তুষ্ট হুয় বুলিলেক ব্ৰতেশ্বৰী আই॥৬৮৭॥