পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
অদ্ভুত ৰামায়ণ।


মহাবলি ত্ৰিভুৱন বিজয়ী প্ৰচণ্ড।
একেশ্বৰে লঙ্কাক কৰিলা ৰণ্ড ভণ্ড॥
তাৰ অবিদিত নাই ইতিনি ভুবন।
অবাধিত গতি সিতো পবন নন্দন॥৬৪১॥
সীতা বিচাৰিতে তেহোঁ‌ আসিছে ইঠাই।
তাৰ ভয়ে সীতা দেবী আছয় লুকাই॥
মই বোলো তেহোঁ‌ মোৰ সখী নাহি হয়।
যাৰ কথা কহা তুমি তাঙ্কে জানো ময়॥ ৬৪২॥
বিদেহ নন্দিনী তেহেঁ‌ জানিবা নিশ্চয়।
ধনু ভাঙ্গি ৰামচন্দ্ৰে বিহা কৰিচয়॥
স্বামীত কৰিয়া ৰোষ আসিছে ইঠাই।
মোহোৰ সখীৰ পুত্ৰ ঝীব কিছু নাই॥ ৬৪৩॥
যাক বোলে হনুমন্ত তাৰো জানো কথা।
বজ্ৰনেমী ৰাক্ষসে মাৰিলে পাই এথা॥
গৃহস্থিনি বোলে মিছা তোহোৰ বচন।
তাহাঙ্ক মাৰন্তা নাই ইতিনি ভুবন॥৬৪৪॥
যদি সত্য কহি আছ দেখায়ে প্ৰমাণ।
শীঘ্ৰ কৰি চল মৰি আছে কোন স্থান॥
মই বেলো আত কিছু নাহকে সংশয়।
নুহিকে বিদূৰ চুল দেখাইবো প্ৰত্যয়॥৬৪৫॥