পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অদ্ভুত ৰামায়ণ।


শুনি সমজ্যাৰ মহা উৎসব মিলিল।
মৃতকৰ মুখে যেন অমৃত পড়িল॥
বোলে সবে সাধু সাধু বীৰ বায়ুসুত।
কৰিলা দুস্কৰ কৰ্ম্ম কিনো অদভুত॥৬১১
দেৱতা বৰ্গেও যাক নপাৰে সাধিত।
হেনকি কৰ্ম্মক আনে পাৰয় কৰিত॥
জগত ঈশ্বৰ ৰাম যদ্যপি হোৱয়।
সীতাৰ বিয়োগ দুঃখ তভো পায়াছয়॥৬১২
অদ্ভুত-মহিমা কিনো শ্ৰীৰাম দাসৰ।
কীৰিতি ৰহিল যাবে চন্দ্ৰ দিবাকৰ॥
চিৰঞ্জীব হৌক বাপু বায়ুৰ কুমাৰ।
কিনো আনন্দক দিলা হৃদয়ে আমাৰ॥৬১৩
সীতা আসিবাৰ বাওঁ সৰ্ব্বজনে পাইল।
আনন্দে আকুল হুয়া সমজ্যাক আইল॥
পুৰিল বিদিশ দিন প্ৰজাৰ আৰাৱে।
পথত ঘাহান্তে কতো বস্ত্ৰ পিন্ধে গাৱে॥৬১৪
বিপৰ্য্যয় কৰি পিন্ধে বস্ত্ৰ অলঙ্কৰ।
গৃহকৰ্ম্ম সকলো কৰিয়া পৰিহাৰ॥
লৱড়ন্তে চলে অন্যোঅন্যে গেড়িয়াই।
শীঘ্ৰ কি আইল কৈত অহা বাপা ভাই॥৬১৫