পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪৮
অদ্ভুত ৰামায়ণ।

তথায়ে পাইলন্ত লাগ পবন কুমান।
অঙ্গদে পুছিলা তান্ত যত সমাচাৰ॥
মাৰুতি বোলয় বাপু শুনা যুবৰাজ।
সেনাপতি সমে যাহা ৰামৰ সমাজ॥৬০৬
নোক লাগি জানো সবে চিন্তাকুল মতি।
খেদ কৰি আছে জানো প্ৰভু ৰঘুপতি॥
খোচাড়ি প্ৰভু থাকন্তোক ৰঙ্গমনে।
নকৰিবে চিন্তা কিছু সূৰ্য্যৰ নন্দনে॥৬০৭
সৰ্ব্ব সুমঙ্গল কাৰ্য্য ৰামৰ কৃপাত।
পুত্ৰ সমে গোঁ‌সানিক দেখাবোঁ‌ সভাত॥
কতিপয় দিনে ময় পাইবোঁ‌ সেহি ঠাই।
এখণে চলিয়ো বিলম্বত কাৰ্য্য নাই॥৬০৮
শুনি যুবৰাজ নীল সমে চলি গৈলা।
শ্ৰীৰামৰ সভা মাঝে উপস্থিত ভৈলা॥
দণ্ডৱতে শ্ৰীৰামক কৰি নমস্কাৰ।
কৃতাঞ্জলি বুলিলন্ত বালীৰ কুমাৰ॥৬০৯.
শুনা প্ৰভু মাৰুতিৰ বাৰ্ত্তা সুমঙ্গল।
গোঁ‌সানী সহিতে আসি আছে মহাবল॥
লব কুশ কুমৰকো আনি আছে সঙ্গে।
মাতৃৰ লগত আছিলেক দুয়ো ৰঙ্গে॥৬১০