সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
অদ্ভুত ৰামায়ণ।


ধন্য ধন্য বীৰ হেন বায়ুৰ নন্দন।
ইমত ভকতি বাৰ দেবীৰ চৰণ॥
ইতিনি ভুবনে যাৰ সম বীৰ নাই।
গোঁ‌সানীক বন্য কৈল বাহাৰ সেবাই॥৬০১
তাহান মহিমা যশ কোনে পাৱে অন্ত।
সাধু সাধু বীৰ শিৰোমণি হনুমন্ত॥
যাৱে চন্দ্ৰ দিবাকৰ কীৰিতি ৰছিল।
এহিমতে সভাসদে প্ৰশংসা বুলিল॥৬০২
পুনু পুনু নমি হনু দেবীৰ সমাজ।
নিমিষেক ভৈলা পুৰী দুৱাৰ বাঝ॥
মাৰুতিক দেখি নাগ সৰ্পে ভয় পাই।
লৱড়ি পলাইল যবে পাছক নচাই॥৬০৩
সিসবক নিৰ্ভয় বোলন্ত বীৰেচাই।
যেহি যেহি সব ভয়াতুৰ প্ৰাণী পাই॥
সিসবেও দেশে দেশে যশস্যা খুষিল।
সাতো পাতালৰ লোকে শুনি তৰুলিল॥৬০৪
পবন সঞ্চাৰে পাছে পবন কুমাৰ।
অস্তাচল গিৰিত ভৈলন্ত পয়োদৰ॥
শকতিৰ বাৰ্ত্তা জানিবাক ৰঘুপতি।
পঠাইল অঙ্গৰ সমে নীল সেনাপতি॥৬০৫