পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
অদ্ভুত ৰামায়ণ।


শুন লৱ কুশ বাপু শুন হনুমান।
মোক তোৰা নিয়া যেবে ৰাঘৱৰ স্থান॥
নপাইবা সন্তোষ কেহো জানিবাহা সাৰ।
তুমি সবে মোকে মাত্ৰ দুঃখ দিবা আৰ॥২৮৬
ৰাম সমে আছে মোৰ বিয়োগ নিকাৰ।
তাক খণ্ডাইবাক আছে শকতি কাহাৰ॥
এতেকেসে বোলো মোক ক্ষমা কৰিয়োক।
দুঃখৰ উপৰি দুঃখ নেদিবাহা মোক॥৫৮৭
মাৰুতি বোলয় হেন বোলা কেনে আই।
তোমাক নিৰ্ব্বন্ধ কৰিবাক নুযুয়াই॥
অযোধ্যা যাইবাক প্ৰতি প্ৰাথি আছো মাত্ৰ।
মেৰু পৰ্ব্বতক কোনে উভাৰিবে পাত্ৰ॥৫৮৮
তোমাকেসে ক্ষমা হয় আমাক উচিত।
দাসৰ স্বামীক ক্ষমা শুনিতে কুৎসিত॥
এতেকেসে বোলো মাতৃ মাথাক ক্ষমিয়ো।
যাইবা কি নযাইবা তাৰ নিশ্চয় কহিয়ো॥৫৮৯
সীতা বোলে বায়ুসুত শুনিযো বচন।
ভাল তই শ্ৰীৰামক কৰিছ সেবন॥
দুস্ত্যজ প্ৰাণৰে আশা এড়িয়া সম্প্ৰদু।
চিন্তি আছি মাত্ৰ তই ৰাঘবৰ প্ৰীতি॥৫৯০